উত্তৰ–পূৰ্বাঞ্চলত ৰে’লৰ বৈদ্যুতিকীকৰণৰ কাম অহা বছৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাঃ ৰৱিলেশ কুমাৰ

0
63
অসমকে ধৰি উত্তৰ–পূৰ্বাঞ্চলত ৰে’লৰ বৈদ্যুতিকীকৰণৰ কাম অহা বছৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ–পূব সীমান্ত ৰেলৰ প্ৰধান মুখ্য বৈদ্যুতিক অভিযন্তা ৰৱিলেশ কুমাৰে কালি আকাশবাণীৰ এটা অনুষ্ঠানত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানলৈকে ৭৭০ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকীকৰণ কাম সম্পূৰ্ণ হৈছে। তেওঁ কয় যে আৰু ৭০০ কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ শীঘ্ৰে সম্পূৰ্ণ হ’ব আৰু বাকী দুহাজাৰ ৫০০ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকীকৰণৰ প্ৰক্ৰিয়া অহা বছৰ ডিচেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হ’ব। ৰে’লপথৰ বৈদ্যুতিকীকৰণ কামৰ বাবে পাঁচটা সংস্থাক নিয়োগ কৰা হৈছে বুলি শ্ৰীকুমাৰে জানিবলৈ দিয়ে। তেওঁ কয় যে পৰৱৰ্তী ১৫ৰ পৰা ২০ দিনৰ ভিতৰত গুৱাহাটীৰ পৰা বৈদ্যুতিক ইঞ্জিনেৰে চলোৱা যাত্ৰীবাহী ৰে’লগাড়ীৰ চলাচল আৰম্ভ কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে।
উত্তৰ-পূৱত ৰেলৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈ উঠাৰ পাছত ডিজেলৰ পৰিৱৰ্তে থলুৱাভাৱে উৎপাদিত বিদ্যুৎ শক্তি ব্যৱহাৰৰ ফলত বছৰি প্ৰায় ১২শ কোটি টকাৰ পুঁজি ৰাহি হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। বৈদ্যুতিকীকৰণৰ ফলত অঞ্চলটোত অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি তেওঁ কয়।
আনহাতে, মৌ-মাখিৰ কৃত্ৰিম ধ্বনি ব্যৱহাৰ কৰি ৰে’লপথৰ কাষৰ পৰা বনৰীয়া হাতীক আঁতৰত ৰখাৰ বাবে বিষয়াগৰাকীয়ে প্ৰায় দুবছৰ পূৰ্বে উদ্ভাৱন কৰা কৌশলৰ সফলতাৰ প্ৰসংগয়ো কালিৰ অনুষ্ঠানত স্থান লাভ কৰে। প্ৰসংগক্ৰমে বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, সম্প্ৰতি উত্তপ-পূৱৰ ১২টা স্থানত এই ব্যৱস্থা ৰূপায়ণ কৰা হৈছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here