আজি প্ৰৱাসী ভাৰতীয় দিৱস। ১৯১৫ চনৰ আজিৰ দিনটোতে মহান প্ৰৱাসী ভাৰতীয় মহাত্মা গান্ধী ভাৰতলৈ উভতি আহিছিল।
এই উপলক্ষে উপ ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুৱে প্ৰৱাসী ভাৰতীয় দিৱস উপলক্ষে বিদেশত বাস কৰা ভাৰতীয় লোকসকলক অভিনন্দন জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা টুইট বাৰ্তাত দেশৰ উন্নয়নৰ হকে দুগুণ প্ৰচেষ্টাৰে সহযোগিতা আগবঢ়োৱাৰ লগতে দেশৰ সাংস্কৃতিক দূত হিচাপে কাম কৰি যাবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰৱাসী ভাৰতীয় লোকসকলক শুভেচ্ছা জনাই টুইট বাৰ্তা এটাত কয় যে, প্ৰৱাসী ভাৰতীয় লোকসকলে বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰশংসিত হ’বলৈ সক্ষম হৈছে তথা তেওঁলোকে আজিও নিজৰ মূল ভেঁটিৰ সৈতে সংযোজিত হৈ আছে। শ্ৰীমোদীয়ে ভাৰতবৰ্ষই প্ৰৱাসী ভাৰতীয়সকলৰ উপলব্ধিসমূহক লৈ গৰ্ব অনুভৱ কৰে বুলিও উল্লেস কৰে।