
অসমত কালি অমিক্ৰন প্ৰজাতিৰ বীজাণুৰে আক্ৰান্ত দুগৰাকী ৰোগী চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কোৱিড-19ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বিষয়টোৰ প্ৰতি অধিক তীক্ষ্নদৃষ্টি আৰোপ কৰিছে।
এনে প্ৰেক্ষাপটত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অসমৰ বাবে আজি সন্ধিয়া এখন নতুন মানসম্পন্ন পৰিচালনা বিধি এছ অ’ পি (SOP) ঘোষণা কৰাৰ সম্ভাৱনা আছে। পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ আন্তঃগাঁথনিৰ উন্নীতকৰণকে ধৰি প্ৰয়োজনীয় সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি অসমৰ ২ লাখ ৯৫ হাজাৰগৰাকী কিশোৰ-কিশোৰীক ইতিমধ্যে কোৱিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হৈছে।