পৰমাণু যুদ্ধ ভৱিষ্যতে এৰাই চলিবৰ বাবে সন্মতি প্ৰকাশ বিশ্বৰ পাঁচখন দেশৰ

0
1145

আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ইংলেণ্ড, ফ্ৰান্স আৰু চীনে পৰমাণু অস্ত্ৰ আৰু পৰমাণু যুদ্ধ ভৱিষ্যতে এৰাই চলিবৰ বাবে সন্মতি প্ৰকাশ কৰিছে। পৰমাণু শক্তিধৰ পাঁচখন দেশৰ ক্ৰেমলিনৰ পৰা জাৰি কৰা এখন যুটীয়া প্ৰতিবেদনত এই দেশসমূহৰ মাজত পৰমাণু যুদ্ধ এৰাই চলাতো প্ৰাথমিক দায়িত্ব হিচাপে বিবেচনা কৰিছে আৰু কৈশলগত ভাবুকিসমূহ হ্ৰাস কৰা যাতে সকলো দেশৰ মাজত সুৰক্ষাৰ বাতাবৰণ সৃষ্টি কৰিব পৰা যায়।

        চীনৰ উপ বিদেশ মন্ত্ৰী মা-ঝাউচুৱে কৈছে যে এই যুটীয়া প্ৰতিবেদনে পাৰস্পৰিক বিশ্বাস বৃদ্ধিত সহায় কৰিব আৰু এই দেশসমূহৰ মাজত সমন্বয় আৰু সহযোগীতাৰ ক্ষেত্ৰত প্ৰতিযোগীতা বৃদ্ধি কৰিব। তেওঁ লগতে কৈছে যে পৰমাণু অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰত চীনৰ প্ৰথমে ব্যৱহাৰ নকৰা নীতি আছে।

                ফ্ৰান্সে এই সন্দৰ্ভত কৈছে যে এই পাঁচখন দেশে পৰমাণু অস্ত্ৰৰ নিয়ন্ত্ৰণৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰিছে আৰু সকলো দেশে পৰমাণু অস্ত্ৰৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দ্বিপাক্ষিক আৰু বহুপাক্ষিক বিষয়সমূহ অব্যাহত ৰাখিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here