দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ ১৪৯ কোটি ৭০ লাখ পালি কোভিড প্ৰতিষেধক যোগান

0
1139

দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ বৰ্তমানলৈ ১৪৯ কোটি ৭০ লাখ পালি কোভিড প্ৰতিষেধক যোগান ধৰা হৈছে। এই প্ৰতিষেধক যোগান ধৰা হৈছে। এই প্ৰতিষেধকসমূহ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ যোগান ধৰা হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা সদৰী কৰি লগতে জানিবলৈ দিয়া মতে, ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ওচৰত বৰ্তমানে প্ৰায় ১৭ কোটি পালি প্ৰতিষেধক মজুত আছে। সমগ্ৰ দেশতে প্ৰতিষেধক প্ৰদানৰ হাৰ বৃদ্ধি কৰাৰ লগতে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here