আজি বিশ্ব ব্ৰেইল দিৱস

0
1159

        আজি বিশ্ব ব্ৰেইল দিৱস। দৃষ্টিশক্তিহীন লোকৰ বাবে ব্ৰেইল লিপিৰ আৱিষ্কাৰক লুই ব্ৰেইলৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৪ জানুৱাৰীত এই দিৱস পালন কৰা হয়। লুই ব্ৰেইল ১৮০৯ চনত ফ্ৰান্সত জন্মগ্ৰহণ কৰে আৰু শৈশৱৰ এটা দুৰ্ঘটনাৰ পাছত চকুৰে সম্পূৰ্ণৰূপে নেদেখা হৈ পৰে। অৱশ্যে তেওঁ অতি শীঘ্ৰে নতুন জীৱনশৈলীৰ সৈতে নিজক সম্পূৰ্ণৰূপে খাপ খোৱাবলৈ সমৰ্থ হয়। মাত্ৰ ১৫ বছৰ বয়সত তেওঁ চাৰ্লছ বাৰ্বিয়াৰৰ নৈশ লিখন পদ্ধতিৰ আধাৰত পঠন আৰু লিখন পদ্ধতি বিকশাই তোলে। অৱশ্যে ব্ৰেইলে তেওঁৰ এই আৱিষ্কাৰে দৃষ্টিশক্তিহীন লোকৰ বাবে কিমান সহায়কৰূপে পৰিগণিত হৈছে সেয়া চাবলৈ নাপালে। ১৮৫২ চনত ৪৩ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here