কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ৰাষ্ট্ৰীয় জলপথ এন ডব্লিউ-২ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলক কলকাতাৰ সৈতে সংযোগ কৰোৱা গুৱাহাটীৰ পাণ্ডু জাহাজ ঘাটলৈ এক্সিম আৰু আভ্যন্তৰীণ কাৰ্গো প্ৰেৰণৰ বাবে অতি শীঘ্ৰে কাম আৰম্ভ কৰা হ’ব। উত্তৰ-পূবৰ পৰা বিদেশ তথা দেশৰ অন্যান্য ৰাজ্যলৈ কাৰ্গোৰ সহজ আৰু ব্যয় সাধ্য চলাচলৰ বাবে এই বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে বুলি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে এখন বৈঠকত কলকাতা আৰু হালদিয়া বন্দৰৰ বন্দৰ আৰু জাহাজ উদ্যোগৰ বিভিন্ন অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰে। তৈল বিভাগৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ষ্টীল কোম্পানী, টাৰ্মিনেল অপাৰেটৰ আদিকে ধৰি শ্যাম প্ৰসাদ মুখাৰ্জী বন্দৰৰ ভূমি ব্যৱহাৰকাৰীসকলে বৈঠকত অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে কলকাতা বন্দৰৰ জৰিয়তে সাগৰ আৰু নদীপথৰ সংযোগ ঘটা এন ডব্লিউ-ৱান আৰু এন ডব্লিউ-টু জলপথ ব্যৱহাৰ কৰাৰ এই অনন্য সুযোগৰ অংশীদাৰ হ’বলৈ সকলোকে আহ্বান জনায়।
Home ৰাষ্ট্ৰীয় সংবাদ/বাতৰি ৰাষ্ট্ৰীয় জলপথ এন ডব্লিউ-২ জৰিয়তে পাণ্ডু জাহাজ ঘাটলৈ এক্সিম আৰু আভ্যন্তৰীণ কাৰ্গো...
Recent
অহা ১৬ মে’ পৰ্যন্ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব
অহা ১৬ মে’ পৰ্যন্ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া...
National
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ই এলিজাবেথ বৰ্ণক দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ই এলিজাবেথ বৰ্ণক দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছে। ৬১ বছৰীয়া বৰ্ণে ইয়াৰ পূৰ্বে পৰিবহণ, পৰিৱেশ আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ...