দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক কোৱিড-19ৰ প্ৰতিষেধক প্ৰদান

0
1198

                দেশৰ বিভিন্ন ৰাজ্যৰ লগতে আজি অসমতো ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক কোৱিড-19ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজানৰ এখন বিদ্যালয়ত উপস্থিত থাকি আনুষ্ঠানিকভাৱে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুকলি কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কামৰূপ মহানগৰৰ এখন শিক্ষানুষ্ঠানত এই কাৰ্যসূচীত অংশ লয়। ৰাজ্যৰ স্বাস্থ্য বিভাগে ইয়াৰ বাবে প্ৰতিখন জিলাতে ১৫ৰ পৰা ২০টাকৈ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰিছে। এই কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ প্ৰায় ২০ লাখ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্যত বৰ্তমান ১৪ লাখ পালি কোভাক্সিন মজুত থকা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। বিভাগৰ তথ্য অনুসৰি কাইলৈ অতিৰিক্তভাৱে ৮ লাখ ১৬ হাজাৰ পালি প্ৰতিষেধক অসম পাবহি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here