অসমত ৯৮.৬৬ শতাংশ হৈছে কোভিডৰ পৰা আৰোগ্যৰ হাৰ

0
1203

অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৬৬ শতাংশ হৈছে। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ৬৮ জন কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা ৬ লাখ ১২ হাজাৰ ৫৯ হৈছে। ইয়াৰ বিপৰীতে ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৩১ হাজাৰ ৫১৭ টা নমুনা পৰীক্ষাৰ অন্তত ১২০ জনৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে ৫৫ জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যখনত কালি সংক্ৰমণৰ হাৰ আছিল ০.৩৮ শতাংশ। ৰাজ্যখনত সম্প্ৰতি ৭৯১ জন চিকিৎসাধীন কোভিড ৰোগী আছে। অসমত কালি কোভিডত আক্ৰান্ত হৈ দুজন লোকে প্ৰাণ হেৰুৱাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here