কোভিড পৰিস্থিতি সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ বিশেষ নিৰ্দেশ গৃহ মন্ত্ৰ্যালয়ৰ

0
116

গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ কোভিড পৰিস্থিতি সন্দৰ্ভত বিশেষ নিৰ্দেশ প্ৰেৰণ কৰিছে। এই নিৰ্দেশ অনুসৰি মুখ্য সচিবসকলে সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তথ্য বিশ্লেষণ, তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণকে ধৰি স্থানীয় আৰু জিলা পৰ্যায়ত কঠোৰ তথা ফলদায়ক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। শ্ৰীভাল্লাই লগতে ৰাজ্য চৰকাৰসমূহক কোভিড বিধি কঠোৰভাৱে বলবৎ কৰিবলৈও নিৰ্দেশ দিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কোভিড-১৯ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় নিৰ্দেশাৱলী সমগ্ৰ দেশজুৰি অহা বছৰৰ ৩১ জানুৱাৰী পৰ্যন্ত কঠোৰভাৱে বলবৎ হৈ থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here