ভাৰতীয় এথলীটসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

0
185

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ক্ৰীড়া-সংস্কৃতি বিকশাই তোলাৰ বাবে অবিৰত কৌশল উন্নতীকৰণৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে টকিঅ’ পেৰালিম্পিৰকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় এথলীটসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে আজি কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ লগতে পৰম্পৰাগত ভাৰতীয় খেল-ধেমালিক এটা নতুন পৰিচয় দিয়া হৈছে। তেওঁ কয় যে, দেশৰ আঢ়ৈশখন জিলাত ৩৬০ টা খেলো ইণ্ডিয়া কেন্দ্ৰ মুকলি কৰা হৈছে আৰু অদূৰ ভৱিষ্যতে এনে কেন্দ্ৰৰ সংখ্যা এহেজাৰলৈ বৃদ্ধি কৰা হ’ব। পেৰা এথলীটসকলক প্ৰকৃত চেম্পিয়ন বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে নতুন ভাৰতে ইয়াৰ এথলীটসকলক পদকৰ বাবে হেঁচা প্ৰয়োগ নকৰে। নতুন ভাৰতে মাত্ৰ এথলীটসকলে কোনো ধৰণৰ মানসিক চাপ অবিহনে ১০০ শতাংশ উজাৰি দিয়াটো বিচাৰে। পেৰা এথলীটসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবেই এইবাৰৰ পেৰালিম্পিকত ভাৰতৰ সৰ্বাধিক সংখ্যক খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে বুলিও প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পেৰা এথলীট ক্ৰীড়া মহোসৱত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা পেৰা এথলীটসকলৰ যুঁজাৰু মানসিকতাক ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে সমগ্ৰ দেশৰ এথলীটসকললৈ সহায়-সমৰ্থন আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ শলাগ লয়

LEAVE A REPLY

Please enter your comment!
Please enter your name here