ৰাজ্যত ক’ৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৩.৬৯ শতাংশলৈ বৃদ্ধি

0
168
ৰাজ্যত ক’ৱিড-১৯ৰ পৰা আৰোগ্যৰ হাৰ ৯৩.৬৯ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে, দৈনিক আক্ৰান্তৰ হাৰ ২.৭৬ শতাংশ হৈছেগৈ। কালি ৰাজ্যত ৫৫ হাজাৰ ১৩১ টা নমুনা পৰীক্ষাৰ অন্তত এহেজাৰ ৫২৩ গৰাকীৰ দেহত কৰ’না ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ ভিতৰত ১৪৯ গৰাকী কামৰূপ মহানগৰ জিলাৰ লোক। ৰাজ্যত কালি ৩৭ গৰাকী লোকৰ এই ৰোগত মৃত্যু হয়।
        ইপিনে, ৰাজ্যত কালিৰ দিনটোত ১০ হাজাৰ ১৭৮ গৰাকী লোকক ক’ৱিডৰ প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াকে লৈ কালি পৰ্যন্ত ৰাজ্যত ক’ৱিডৰ ৬৮ লাখ ৫৪ হাজাৰ ১৬৮ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ৫৬ লাখ ৬৭ হাজাৰ ৯২৩ গৰাকী লোকে প্ৰথম পালি আৰু ১১ লাখ ৮৬ হাজাৰ ২৪৫ গৰাকী লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে কালি ৯১ হাজাৰ ৮০ পালি ক’ভিশ্বিল্ড প্ৰতিষেধক লাভ কৰে।