শ্ৰীলংকাৰ কলম্বোৰ পৰা পশ্চিম বংগৰ হালদিয়ালৈ আহি থকা পৰ্তুগালৰ তৈলবাহী জাহাজৰ পৰা তেল নিৰ্গমন

0
178

শ্ৰীলংকাৰ কলম্বোৰ পৰা পশ্চিম বংগৰ হালদিয়ালৈ আহি থকা পৰ্তুগালৰ এখন তৈলবাহী জাহাজৰ পৰা তেল নিৰ্গমন হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ভাৰতীয় উপকূলৰক্ষী বাহিনী সষ্টম হৈ উঠিছে। চেন্নাইৰ পৰা ৪৫০ কিলোমিটাৰ দক্ষিণ-পূবত মাজসাগৰত এম ভি ডেমন নামৰ জাহাজখনৰ পৰা তেল নিৰ্গমম হোৱাৰ বিষয়ে বুধবাৰে কলম্বোত থকা সাগৰীয় উদ্ধাৰ সমন্বয়ৰক্ষা কেন্দ্ৰ পৰা বাৰ্তা লাভ কৰা হৈছিল। উল্লেখযোগ্য যে, এই জাহাজখনৰ ১২০ কিলোমিটাৰ কম ছালপাৰযুক্ত ইন্ধন তেল কঢ়িয়াই অনা টেংকত অনা পাট মেলাৰ ফলতে এই ঘটনা সংঘটিত হয়। জাহাজখনৰ কৰ্তৃপক্ষই জনোৱা মতে, টেংকটোৰ পৰা তেলৰ নিৰ্গমন বন্ধ হৈছে আৰু জাহাজখন আজি হালদিয়া আহি পাব বুলি আশা কৰা হৈছে।