অসমত কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯০.৭০ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত কালি ৪,৮৮১ জন কোৱিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমান সুস্থ হৈ উঠা লোকৰ সংখ্যা ৪ লাখ ২৬ হাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত পৰীক্ষা কৰা ১ লাখ ৩০ হাজাৰ ৫৩ টা নমুনাৰ ভিতৰত ৩,৩৮৬ জনৰ দেহত কোৱিডৰ উপস্থিতি ধৰা পৰে। সেই অনুসাৰে ৰাজ্যখনত সংক্ৰমণৰ হাৰ ২.৬০ শতাংশ হৈছেগৈ। সংক্ৰমিতসকলৰ ভিতৰত ১৫৮ জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যখনত সম্প্ৰতি ৩৮,৩০৬ জন লোকে এই ৰোগৰ ফলত প্ৰাণ হেৰুৱায়। কালিৰ দিনটোত ৩৬ জন লোকে এই ৰোগৰ ফলত প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৪ হাজাৰ ৬৪ হৈছেগৈ।
Recent
ৰাছিয়া-ইউক্ৰেইন সংঘাতে প্ৰথমবাৰৰ বাবে বিশ্বত স্থানচ্যুত লোকৰ সংখ্যা ১০ কোটিলৈ বৃদ্ধি...
ৰাছিয়া-ইউক্ৰেইন সংঘাতে প্ৰথমবাৰৰ বাবে বিশ্বত স্থানচ্যুত লোকৰ সংখ্যা ১০ কোটিলৈ বৃদ্ধি কৰিছে। ৰাষ্ট্ৰসংঘই এই কথা প্ৰকাশ কৰিছে। সংস্থাটোৰ শৰণাৰ্থী উচ্চায়ুক্তই প্ৰকাশ কৰা অনুসৰি সংঘাত,...
National
ঘেঁহুৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা কিছু শিতিল কৰাৰ কথা ঘোষণা...
চৰকাৰে ঘেঁহুৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা কিছু শিতিল কৰাৰ কথা ঘোষণা কৰিছে। সেই মৰ্মে ১৩ মে’ৰ পূৰ্বে সীমা শুল্ক বিভাগৰ ওচৰত পৰীক্ষাৰ বাবে...