মুখ্য বাতৰি
ভাৰতে ৮০ খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰাৰ কথা প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ            কেন্দ্ৰীয় চৰকাৰে দেশত কোৱিড-১৯ৰ প্ৰতিষেধকৰ অভাৱৰ কথা নুই কৰিছে            সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰ ১৩০ সংখ্যক জয়ন্তীত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ শ্ৰদ্ধাঞ্জলি            আজি অন্ত পৰিব পশ্চিমবংগ বিধানসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান            ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ ৯৫ সংখ্যক বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ           

Apr 08, 2021
8:20PM

মহাৰাষ্ট্ৰ চৰকাৰে আৰক্ষীৰ সহায়ত ৰাজ্যখনত দুৰ্নীতিত উদগণি যোগোৱাৰ অভিযোগ বিজেপিৰ

File Photo
বিজেপিয়ে মহাৰাষ্ট্ৰ চৰকাৰে আৰক্ষীৰ সহায়ত ৰাজ্যখনত দুৰ্নীতিত উদগণি যোগোৱা বুলি অভিযোগ তুলিছে। দলটোৱে কয় যে, দুৰ্নীতিয়েই মহা বিকাশ অঘাড়ী নেতৃত্বাধীন চৰকাৰখনৰ পৰিচয় হৈ পৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰকাশ জাৱড়েকাৰে কয় যে, মহা বিকাশ অঘাড়ী যে প্ৰকৃততে মহা ৱচুলী অঘাড়ী আৰু আৰক্ষীৰ মাধ্যমেৰে ধন সংগ্ৰহ কৰাই ইয়াৰ নূন্যতম উমৈহতীয়া কাৰ্যসূচী সেয়া স্পষ্ট হৈ পৰিছে। মুম্বাই আৰক্ষীৰ নিলম্বিত বিষয়া শচীন ৱাজে আৰু শিৱসেনাৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰি শ্ৰীজাৱড়েকাৰে কয় যে, শিৱসেনাই প্ৰকৃত সত্য লুকুৱাব বিচাৰিছে সেয়েহে ৱাজেক সমৰ্থন কৰিছে। মহা বিকাশ অঘাড়ীৰ ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই বুলি শ্ৰীজাৱড়েকাৰে প্ৰকাশ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-14 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 40.2 20.6
মুম্বাই 33.2 27.0
চেন্নাই 35.4 27.0
কলকাতা 40.1 27.4
বাংগালুৰু 33.0 21.0