অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰবাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰস্তুতি অব্যাহত ৰাখিছে। বিভিন্ন ৰাজনৈতিক দলৰপ্ৰাৰ্থীসকলে সভা-সমিতি পাতি আৰু ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা দেখা গৈছে। শাসনাধিষ্ঠবি পি এফৰ লগতে ইউ পি পি এল আৰু অন্যান্য দলসমূহেও প্ৰচাৰ অব্যাহত ৰাখিছে।ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। বি পি এফ সভাপতিতথা বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী খাম্ফাবৰগয়াৰী, বি টি চি বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পাণীৰাম ব্ৰহ্ম আৰু কেইবাগৰাকীওপ্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।