মুখ্য বাতৰি
ভাৰতে ৮০ খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰাৰ কথা প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ            কেন্দ্ৰীয় চৰকাৰে দেশত কোৱিড-১৯ৰ প্ৰতিষেধকৰ অভাৱৰ কথা নুই কৰিছে            সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰ ১৩০ সংখ্যক জয়ন্তীত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ শ্ৰদ্ধাঞ্জলি            আজি অন্ত পৰিব পশ্চিমবংগ বিধানসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান            ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ ৯৫ সংখ্যক বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ           

Mar 24, 2021
5:32PM

প্ৰথমখন এদিনীয়াত ইংলেণ্ডক ৬৬ ৰানৰ ব্যৱধানত পৰাস্ত ভাৰতৰ

@BCCI
ভাৰতে যোৱা নিশা পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আলহী দল ইংলেণ্ডক ৬৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। ইংলেণ্ডে ৩১৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪২ অভাৰ আৰু এটা বল খেলি আটাইকেইটা উইকেট হেৰুৱাই ২৫১ ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ আগেয়ে প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰাৰ পাছত ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৫টা উইকেট হেৰুৱাই ৩১৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ শিখৰ ধাৱনে সৰ্বাধিক ৯৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কে এল ৰাহুল আৰু ক্ৰুনাল পাণ্ডিয়াই ষষ্ঠ উইকেটৰ যুটীত ১১২ ৰান যোগ দিয়ে।
আনহাতে, অধিনায়ক বিৰাট কোহলীয়ে ৫৬ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ হৈ বেন ষ্ট’কচে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্ক উডে দুটা উইকেট লাভ কৰে। ভাৰতৰ হৈ এম প্ৰসিদ্ধ কৃষ্ণাই চাৰিটা উইকেট দখল কৰে। আনহাতে, শ্বাৰ্দুল ঠাকুৰে তিনিটা আৰু ভুবেনেশ্বৰ কুমাৰে দুটা উইকেট লাভ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-14 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 40.2 20.6
মুম্বাই 33.2 27.0
চেন্নাই 35.4 27.0
কলকাতা 40.1 27.4
বাংগালুৰু 33.0 21.0