মুখ্য বাতৰি
ভাৰতে ৮০ খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰাৰ কথা প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ            কেন্দ্ৰীয় চৰকাৰে দেশত কোৱিড-১৯ৰ প্ৰতিষেধকৰ অভাৱৰ কথা নুই কৰিছে            সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰ ১৩০ সংখ্যক জয়ন্তীত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ শ্ৰদ্ধাঞ্জলি            আজি অন্ত পৰিব পশ্চিমবংগ বিধানসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান            ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ ৯৫ সংখ্যক বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ           

Mar 15, 2021
8:33PM

নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন টী-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

@cricket
আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন টী-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হ’ব। কালি অনুষ্ঠিত দ্বিতীয়খন খেলত ঈশান বিশালে ৩২ টা বলত সংগ্ৰহ কৰা ৫৬ ৰাণৰ বৰঙণিৰে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। কাইলৈ অনুষ্ঠিত হ’বলগীয়া খেলখনত কে এল ৰাহুলৰ সলনি উপ-অধিনায়ক ৰোহিত শৰ্মাক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ইংলেণ্ডে প্ৰথমখন খেলত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল যদিও দ্বিতীখন খেলত ২০ অভাৰত ৬ উইকেট হেৰুৱাই ১৬৪ ৰাণ সংগ্ৰহ কৰিবলৈহে সক্ষম হয়। কাইলৈ ইংলেণ্ডৰ দলটোত টম কুৰেণৰ ঠাইত মাৰ্ক উডক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-14 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 40.2 20.6
মুম্বাই 33.2 27.0
চেন্নাই 35.4 27.0
কলকাতা 40.1 27.4
বাংগালুৰু 33.0 21.0