অসম চৰকাৰে কোবিড- 19 ভাইৰাছৰ সম্ভাব্যসংক্ৰমণৰ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে জনতা ভৱনলৈ নিয়মীয়াদৰ্শনাৰ্থীৰ আহ-যাহ তাৎক্ষণিক ভাৱে নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এইসিদ্ধান্ত অনুসৰি অহা ৩১ মাৰ্চ লৈকে জনতা ভৱন চৌহদ প্ৰৱেশ কৰাৰ বাবে প্ৰদান কৰাযান-বাহনৰ অনুজ্ঞাও বাতিল কৰা হ’ব। এই সময়ছোৱাত বিশেষ প্ৰয়োজন সাপেক্ষে আগতীয়াঅনুমতি লৈ অনুজ্ঞা লাভ কৰিব পৰা যাব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ কৰা হৈছে। ইফালে,এই ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰি থকাৰ বাবে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কাৰ্য়ালয়,ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আদিত বায়’মেট্ৰিকএটেনডন্স ব্যৱস্থা সাময়িক ভাৱে বাতিল কৰা হৈছে। অৱশ্যে শাৰিৰীক সংস্পৰ্শৰ প্ৰয়োজননোহোৱা যেনে মুখাবয়ব প্ৰৰ্দশনৰ দ্বাৰা বায়’মেট্ৰিক এটেনডন্স ব্যৱস্থা পূৰ্বৰ দৰেবাহাল থাকিব।