মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ            ৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ            আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ           

Mar 17, 2021
6:57PM

চলিত টি-টুৱেণ্টী ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত ইংলেণ্ডে ভাৰতক ৮ উইকেটত পৰাস্ত

@cricketT20
আহমেদাবাদত অনুষ্ঠিত চলিত টি-টুৱেণ্টী ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত ইংলেণ্ডে কালি ভাৰতক ৮ উইকেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে আলহী দলটোৱে ৫ খন খেলৰ এই শৃংখলাত ২-১ ফলাফলেৰে অগ্ৰগতি লাভ কৰে। ভাৰতে বান্ধি দিয়া ১৫৭ ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ইংলেণ্ডে ১৮ অ’ভাৰ আৰু ২ টা বল খেলি ২ টা উইকেট হেৰুৱাই সহজে বিজয় লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ হৈ জচ বাটলাৰে সৰ্বাধিক ৮৩ ৰাণ সংগ্ৰহ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ আগেয়ে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৬ টা উইকেট হেৰুৱাই ১৫৬ ৰাণ কৰে। ভাৰতৰ হৈ অধিনায়ক বিৰাট কোহলিয়ে ৭৭ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ মাৰ্ক উডে ৩ টা উইকেট দখল কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-11 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 37.2 16.0
মুম্বাই 33.5 24.0
চেন্নাই 34.1 27.4
কলকাতা 36.5 26.2
বাংগালুৰু 33.8 21.5