চীন আৰক্ষীয়ে যোৱা জুনত ভাৰতৰ সৈতে গ’লৱান উপত্যকাত হোৱা সংঘৰ্ষত নিহত হোৱা সংঘৰ্ষত নিহত চীনা সৈনিকসকলৰ প্ৰতি কৰা অপমানজনক মন্তব্যৰ বাবে বৰ্তমানলৈকে ৭ জন লোকক আটক কৰিছে। ধৃত লোককেইজন বেইজিং, চংকিং, হোবেই, গুইঝৌ, চিচুৱান আৰু জিয়াংচু প্ৰদেশৰ বুলি দেশখনৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰিৰ পৰা জানিব পৰা গৈছে। আটকাধীন লোক কেইজন ১৯ৰ পৰা ৪০ বছৰ বয়সৰ বুলি প্ৰকাশ কৰা হৈছে।
চীনে অলপতে গ’লৱান উপত্যকাত ভাৰতৰ সৈতে হোৱা সংঘৰ্ষত নিহত সৈনিকসকলৰ সবিশেষ প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত আৱেগৰ বন্যা বৈছিল। চীনে ২০১৮ চনত গ্ৰহণ কৰা এখন আইন অনুযায়ী দেশৰ শ্বহীদসকলক অপমান কৰাটো অবৈধ। চীনৰ সৈনিকসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে এই আইনৰ অধীনত দেশখনৰ কেইবাগৰাকীও জনপ্ৰিয় ব্লগাৰৰ একাউণ্ট ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে।