কোবিড -19 ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিদেশ মন্ত্ৰালয়ে সপ্তাহটোৰসাতোদিনে ২৪ ঘণ্টাই কাৰ্যকৰী হোৱাকৈ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। বিদেশমন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে এটা টুইটযোগে প্ৰকাশ কৰা মতে নিয়ন্ত্ৰণ কক্ষৰ টোলফ্ৰী নম্বৰটো হৈছে ১৮০০১১৮৭৯৭। আন আন নম্বৰকেইটা হৈছে- ০১১-২৩০১২১১৩, ০১১-২৩০১৪১০৪আৰু ০১১-২৩০১৭৯০৫। জনসাধাৰণে covid19@mea,gov.in এই ই-মেইল আই ডিত মেইল কৰিব পাৰে।