A-
A
A+
সৰ্বশেষ :
Apr 14 2021 8:18PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
ভাৰতে ৮০ খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰাৰ কথা প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ
          
কেন্দ্ৰীয় চৰকাৰে দেশত কোৱিড-১৯ৰ প্ৰতিষেধকৰ অভাৱৰ কথা নুই কৰিছে
          
সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰ ১৩০ সংখ্যক জয়ন্তীত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ শ্ৰদ্ধাঞ্জলি
          
আজি অন্ত পৰিব পশ্চিমবংগ বিধানসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান
          
ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ ৯৫ সংখ্যক বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ
          
Apr 08, 2021
,
8:01PM
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে মহামাৰীক পৰাভূত কৰাৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আহ্বান
File Photo
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কালি কয় যে, একাংশ ৰাজ্য চৰকাৰে তেওঁলোকৰ ব্যৰ্থতাৰ পৰা জনসাধাৰণৰ দৃষ্টি আনফালে ঢাল খুওৱাৰ লগতে কোৱিড-১৯ মহামাৰীক লৈ জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰাৰ প্ৰয়াস চলাইছে আৰু এয়া সঁচাকৈয়ে নিন্দনীয়। তেওঁ লগতে ভালেমান ৰাজ্য চৰকাৰে কোৱিডজনিত সঠিক আচৰণ বিধি মানি চলাত আৰু এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিগত এবছৰতে দেশে লাভ কৰা শিকনিসমূহ প্ৰয়োগ কৰাত ব্যৰ্থ হৈছে বুলি সকীয়াই দিয়ে।
মন্ত্ৰীগৰাকীয়ে এটা বিবৃতিযোগে কয় যে, একাংশ ৰাজনৈতিক নেতাই ১৮ বছৰ ঊৰ্ধৰ সকলো ব্যক্তিৰ বাবে প্ৰতিষেধকৰ ব্যৱস্থা কৰিবলৈ বা প্ৰতিষেধক গ্ৰহণৰ বাবে থকা বয়সৰ নূন্যতম সীমা চকুত লগা ধৰণে হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। এনেধৰণৰ বিবৃতিক লৈ উদ্বেগ প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰতিষেধক প্ৰদান অভিযানৰ মূল লক্ষ্য হৈছে সহজে ৰোগৰ বলি হোৱা লোকসকলৰ মাজত মৃত্যুৰ হাৰ হ্ৰাস কৰা আৰু এই মহামাৰীক পৰাভূত কৰাৰ বাবে সমাজক সমৰ্থ কৰি তোলা। যোগান সীমিত হৈ থকালৈকে অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰতিষেধক প্ৰদানৰ বিকল্প নাই বুলি মন্ত্ৰীগৰাকীয়ে উল্লেক কৰে।
ডাঃ বৰ্ধনে কয় যে, মহাৰাষ্ট্ৰত মাত্ৰ ৮৬ শতাংশ স্বাস্থ্য কৰ্মীয়েহে প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে। একেদৰে, দিল্লীত ৭২ শতাংশ আৰু পঞ্জাৱত ৬৪ শতাংশ স্বাস্থ্য কৰ্মীয়ে এতিয়ালৈ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯০ শতাংশতকৈও অধিক স্বাস্থ্যকৰ্মীয়ে প্ৰতিষেধক গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই ৰাজ্যসমূহে প্ৰতিষেধক প্ৰদানৰ প্ৰয়াসৰ বিফলতা ঢাকিবলৈ চেষ্টা চলাইছে বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে। তেওঁ লগতে প্ৰতিষেধকৰ অভাৱ ঘটা বুলি তোলা অভিযোগ কৰে। তেওঁ লগতে প্ৰতিষেধকৰ অভাৱ ঘটা বুলি তোলা অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি উল্লেখ কৰে। তেওঁ কয় যে, প্ৰতিষেধক যোগানৰ বিষয়টোৰ ওপৰত অবিৰতভাৱে নজৰ ৰখা হৈছে আৰু ৰাজ্য চৰকাৰসমূহক এই বিষয়ে নিয়মীয়াভাৱে অৱগত কৰি থকা হৈছে। মহাৰাষ্ট্ৰ চৰকাৰৰ আগ্ৰহহীন মনোভাৱৰ বাবে ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজাৰ বাবে সমগ্ৰ দেশে চলোৱা প্ৰয়াসত পানী পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, মহাৰাষ্ট্ৰ চৰকাৰে যে, ভালদৰে প্ৰয়াস চলোৱা নাই সেয়া স্পষ্ট হৈ পৰিছে আৰু ৰাজ্যখন সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যাৰে দেশৰ ভিতৰত প্ৰথম স্থানত আছে।
বিশ্বত যিবোৰ স্থানত সংক্ৰমণৰ হাৰ বেছি তাৰ ভিতৰত মহাৰাষ্ট্ৰ অন্যতম বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডাঃ বৰ্ধনে ৰাজ্যসমূহক সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলোখিনি কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে, এই মহামাৰীক পৰাভূত কৰাৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব।
আনুসংগিক বাতৰি
ভাৰতবৰ্ষত কৰোনা ভাইৰাছৰ নিয়ন্ত্ৰনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ অৰ্থে ৭ টা কেন্দ্ৰীয় দলে দেশৰ বিভিন্ন প্ৰান্তত বছা বছা বিমান বন্দৰ পৰিদৰ্শন কৰিব।
চীনত কোৰোনা বাজাণুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে।
ক’ৰ’না ভাইৰাছঃ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ মুকলি
কোৰ’ণা ভাইৰাছ - বিশেষ জৰুৰী নহ’লে চীনলৈ নাযাবলৈ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ আহ্বান
সীমান্ত হাটেৰে কোৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ আশংকাঃ অৰুণাচল প্ৰদেশত সতৰ্কতা
ভাৰতবৰ্ষত ক’ৰ’না ভাইৰাছৰ নিয়ন্ত্ৰণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ অৰ্থে ৭টা কেন্দ্ৰীয় দলে দেশৰ বিভিন্ন প্ৰান্তৰ বছা বছা বিমানবন্দৰ পৰিদৰ্শন কৰিব।
চীনৰ কোৰোনা বীজাণুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি, কোনো ভাৰতীয় লোক আক্ৰান্ত হোৱা নাই
চীনৰ কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পাইছে আৰু ভাইৰাছত ২,৭৫০ জনতকৈ অধিক লোক আক্ৰান্ত হৈছে।
দেশৰ কোনো লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই : স্বাস্থ্য মন্ত্ৰ্যালয়
ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে বিশ্বজনীন অভিযানৰ আহ্বান বিশ্ব বেংকৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-14 Apr 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
40.2
20.6
মুম্বাই
33.2
27.0
চেন্নাই
35.4
27.0
কলকাতা
40.1
27.4
বাংগালুৰু
33.0
21.0