A-
A
A+
সৰ্বশেষ :
Feb 27 2021 8:19PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
হোম পে’জ
মুখ্য বাতৰি
দেশৰ ৬ খন ৰাজ্যত হঠাৎ কোৱিড-১৯ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি
          
অসম বিধানসভা নিৰ্বাচন সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ
          
কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নয়দাত উদ্বোধন কৰিলে ২০২১ বৰ্ষৰ চৰচ আজীৱিকা মেলা
          
ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ভাৰতীয় পুতলা মেলা-২০২১
          
কাইলৈ দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ অনুষ্ঠান
          
Feb 23, 2021
,
8:28PM
অসম চৰকাৰৰ আবকাৰী বিভাগৰ কোৱিড-১৯ৰ সময়ত ১০ লাখ লিটাৰ হেণ্ড ছেনিটাইজাৰ উৎপাদন
File Photo
অসমৰ আবকাৰী বিভাগে কোৱিড-১৯ৰ সময়ছোৱাত ১০ লাখ লিটাৰ হেণ্ড ছেনিটাইজাৰ উৎপাদন কৰিছে। গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যখনৰ আবকাৰী, মীন পালন আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে, বিভাগৰ অধীনত বিভিন্ন গোটে স্থানীয়ভাৱে হেণ্ড ছেনিটাইজাৰ উৎপাদন কৰিবলৈ লৈছে। তেওঁ কয় যে, ৰাজ্যখনক মাছ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলাৰ উদ্দেশ্যে মীন বিভাগে ভালেমান পদক্ষেপ হাতত লৈছে। বিগত ৫ বছৰত থলুৱা মাছৰ উৎপাদন ২০ শতাংশ বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, ৰাজ্যখনত সম্প্ৰতি ২০১৬ চনৰ ২.৯৪ লাখ মেট্ৰিকটনৰ বিপৰীতে ৩.৭৩ লাখ মেট্ৰিকটন থলুৱা মাছ উৎপাদন হয়। অসমে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহলৈ মাছ ৰপ্তানি কৰিবলৈ লৈছে বুলি শ্ৰীশুক্লবৈদ্যই প্ৰকাশ কৰে।
বন বিভাগৰ সাফল্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ বনাঞ্চল ২২ বৰ্গ কিলোমিটাৰ বৃদ্ধি পইছে। তেওঁ কয় যে, বিগত ৫ বছৰত ৰাজ্যখনত ১০ কোটি গছৰ পুলি ৰোপণ কৰা হৈছে। শেহতীয়াকৈ ৰাজ্যখনৰ বন্যপ্ৰাণীৰ চোৰাং চিকাৰ প্ৰায় বন্ধ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
আনুসংগিক বাতৰি
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-26 Feb 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
33.2
15.2
মুম্বাই
36.0
21.2
চেন্নাই
32.2
20.4
কলকাতা
36.3
21.6
বাংগালুৰু
33.0
17.4