মুখ্য বাতৰি
ভাৰতে ৮০ খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰাৰ কথা প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ            কেন্দ্ৰীয় চৰকাৰে দেশত কোৱিড-১৯ৰ প্ৰতিষেধকৰ অভাৱৰ কথা নুই কৰিছে            সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰ ১৩০ সংখ্যক জয়ন্তীত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ শ্ৰদ্ধাঞ্জলি            আজি অন্ত পৰিব পশ্চিমবংগ বিধানসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান            ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ ৯৫ সংখ্যক বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ           

Apr 07, 2021
8:18PM

অসমত কোৱিড-১৯ৰ আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশলৈ বৃদ্ধি

AIR
অসমত কালি পুনৰ ৯২ জন লোক কোৱিড-১৯ত আক্ৰান্ত হয়। ইয়াকে লৈ ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ২,১৮,৮০০ অতিক্ৰম কৰিলে। ইয়াৰ বিপৰীতে কালিৰ দিনটোত ৩৪ জন লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইয়াকে ধৰি ৰাজ্যখনত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ২,১৫,৬৯১ হৈছেগৈ। সেই অনুসাৰে আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত সম্প্ৰতি ৬৮৩ জন কোৱিড ৰোগী চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ ১,১১১ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যখনত এতিয়ালৈ ১০ লাখ ৯৬ হাজাৰৰো অধিক লোকে কোৱিড-১৯ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে। ইপিনে ১ লাখ ৯২ হাজাৰৰো অধিক লোকে কোৱিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-14 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 40.2 20.6
মুম্বাই 33.2 27.0
চেন্নাই 35.4 27.0
কলকাতা 40.1 27.4
বাংগালুৰু 33.0 21.0