মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ            ৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ            আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ           

Apr 08, 2021
6:29PM

দিল্লীত কৰোনা ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনক

File Photo
দিল্লীত কৰোনা ভাইৰাছৰ সংক্ৰমণ শেহতীয়াকৈ উদ্বেগজনক হৈ পৰাৰ পৰিপ্ৰেক্ষিতত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ এইমছৰ বহিঃবিভাগ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ সাময়িকভাবে বন্ধ কৰি দিয়া হৈছে।         চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কেৱল পূৰ্বে নাম পঞ্জীয়ন কৰি থোৱা ৰোগীসকলকহে চিকিৎসা গ্ৰহণ কৰিব পাৰিব। দিল্লীত ২৪ ঘণ্টাত ৫ হাজাৰতকৈও বেছি লোক কৰোনাত আক্ৰান্ত হোৱাৰ পাছতে এইমছ কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে।
        চিকিৎসালয়খনৰ চিকিৎসা অধীক্ষকে আজিৰে পৰা ৰোগীৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া বন্ধ কৰাৰ নিৰ্দেশ দিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি চিকিৎসালয়খনৰ বিভিন্ন বিভাগকো দৈনিক ৰোগীৰ অনলাইন পঞ্জীয়ন সীমিত কৰাৰ নিৰ্দেশ দিয়া হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-11 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 37.2 16.0
মুম্বাই 33.5 24.0
চেন্নাই 34.1 27.4
কলকাতা 36.5 26.2
বাংগালুৰু 33.8 21.5