মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ            ৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ            আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ           

Apr 08, 2021
6:18PM

সেনাপ্ৰধান জেনেৰেল এম এম নাৰাৱান আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে বাংলাদেশ ভ্ৰমণ

File Photo
সেনাপ্ৰধান জেনেৰেল এম এম নাৰাৱান আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে বাংলাদেশ ভ্ৰমণলৈ ৰাওনা হৈছে। বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ ৫০ বছৰ উপলক্ষে আয়োজিত স্বৰ্ণিম বিজয় বৰ্ষ সমাৰোহ উদযাপনৰ সময়তে সেনাপ্ৰধানজন দেশখনলৈ গৈছে।
        তেওঁ আজি বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শিখা অনিৰ্বাণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পাছতে দেশখনৰ সেনা বাহিনীৰ তিনিওটা সেৱাৰ মুৰব্বীসকলৰ সৈতে তেওঁ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। জেনেৰেল নাৰাৱানে ধানমণ্ডিত থকা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান স্মাৰক সংগ্ৰহালয় পৰিদৰ্শন কৰিব আৰু বাংলাদেশ সৃষ্টিৰ হোতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
        এই ভ্ৰমণকালতে তেওঁ দেওবাৰে ঢাকাৰ সেনাবাহিনীৰ বহুমুখী চৌহদত বাংলাদেশৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত বহিব। ইয়াতে তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তি অভিযানৰ এখন চেমিনাৰতো উপস্থিত থাকিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-11 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 37.2 16.0
মুম্বাই 33.5 24.0
চেন্নাই 34.1 27.4
কলকাতা 36.5 26.2
বাংগালুৰু 33.8 21.5