মুখ্য বাতৰি
ভাৰত বিশ্বৰ সৰ্ববৃহৎ কোৱিড-১৯প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ            ৪ দিনীয়া বিশেষ প্ৰতিষেধক উৎসৱ আৰম্ভ কৰি দেশবাসীক ৪ টা নীতি-নিয়ম মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ            আইন-শৃংখলাজনিত কাৰণত কোচবিহাৰত ৭২ ঘণ্টালৈ নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিষেধাজ্ঞা জাৰি            কোৱিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ বাবে কৃষকসকলক ধৰ্মঘট প্ৰত্যাহাৰ কৰিবলৈ পুনৰ আহ্বান কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ           

Apr 08, 2021
6:05PM

শিক্ষাৰ্থীসকলক পৰীক্ষাক ভয় নকৰি উৎসৱৰ দৰে উদযাপন কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

@narendramodi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিক্ষাৰ্থীসকলক পৰীক্ষাক ভয় নকৰি উৎসৱৰ দৰে উদযাপন কৰিবলৈ আহ্বান জনাইছে। তেওঁ লগতে শিশুসকলক চাপ প্ৰয়োগ নকৰিবলৈ আৰু তেওঁলোকক পৰীক্ষাৰ আনন্দ লোৱাৰ সুযোগ দিবলৈ অভিভাৱকসকলক আহ্বান জনায়।
        প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল ব্যৱস্থাৰে সম্পন্ন হোৱা ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানৰ মাধ্যমেৰে শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমোডীয়ে মানসিক চাপ আৰু দুশ্চিন্তাৰ পৰা মুক্ত হোৱাৰ বাবে পৰীক্ষাৰ্থীসকলক মন্ত্ৰ প্ৰদান কৰে।
        তেওঁ কয় যে, শিক্ষাৰ্থী আৰু বিদ্যাৰ্থীসকলে পৰীক্ষাকে জীৱনৰ অন্তিম লক্ষ্য বুলি গণ্য কৰা উচিত নহয় আৰু সদায় পৰৱৰ্তী প্ৰয়াসত ভাল কৰাৰ বাবে প্ৰয়াস চলোৱা উচিত। প্ৰধানমন্ত্ৰীয়ে লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলক সময় ব্যৱস্থাপনা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক পথ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। অৰুণাচল প্ৰদেশৰ পূণ্যো সুন্যা আৰু দিল্লীৰ বিনীতা গাৰ্গৰ সৈতে কথা পাতি শ্ৰীমোডীয়ে কয় যে, ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভণিতে জটিল বিষয়সমূহ সমাধানৰ প্ৰয়াস চলাব লাগে আৰু ইয়াৰ বাবে অধিক সময় দিব লাগে। তেওঁ লগতে কয় যে, কঠিন বিষয়সমূহ পুৱাৰ ভাগত আৰু সহজ বিষয়সমূহ পাছত অধ্যয়ন কৰিব লাগে কিয়নো পুৱা মগজু সতেজ হৈ থাকে আৰু এই সময়ছোৱাত সহজে যিকোনো বিষয়ত মনোযোগ দিব পৰা যায়।
        তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক আজৰি সময়ত নিজক প্ৰকাশ কৰিব পৰা তথা ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পৰা কামত ব্ৰতী হ’বলৈ আহ্বান জনায়। সৃজনীশীলতাই এগৰাকী ব্যক্তিক সফলতাৰ নতুন শিখৰলৈ লৈ যাব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-11 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 37.2 16.0
মুম্বাই 33.5 24.0
চেন্নাই 34.1 27.4
কলকাতা 36.5 26.2
বাংগালুৰু 33.8 21.5