মুখ্য বাতৰি
ভাৰতে ৮০ খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰাৰ কথা প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ            কেন্দ্ৰীয় চৰকাৰে দেশত কোৱিড-১৯ৰ প্ৰতিষেধকৰ অভাৱৰ কথা নুই কৰিছে            সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰ ১৩০ সংখ্যক জয়ন্তীত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ শ্ৰদ্ধাঞ্জলি            আজি অন্ত পৰিব পশ্চিমবংগ বিধানসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান            ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ ৯৫ সংখ্যক বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ           

Apr 08, 2021
5:49PM

আজি অন্ত পৰিল পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান

File Photo
পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া অন্ত পৰে। এই পৰ্যায়ত ৰাজ্যখনৰ দক্ষিণ ২৪ পৰগণা জিলাৰ ১১ খন, হুগলীৰ ১০ খন, আলিপুৰ দুৱাৰৰ ৫ খন আসনৰ বাবে ১০ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ’ব।
        চতুৰ্থ পৰ্যায়ত মুঠ ৩৭৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু তাৰকা প্ৰচাৰকসকলে আজি অন্তিম দিনটোত ব্যাপক প্ৰচাৰ অভিযান চলাইছে। এই পৰ্যায়ত হাওৰা আৰু হুগলী জিলাত তৃণমূল কংগ্ৰেছ এৰি অলপতে বিজেপিত যোগদান কৰা কমেও ৪ জন নেতাই প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰাক্তন ফুটবল খেলুৱৈ বিদেশ ৰঞ্জন বসুৱে উলুবেৰীয়া পূৰ্ব সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-14 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 40.2 20.6
মুম্বাই 33.2 27.0
চেন্নাই 35.4 27.0
কলকাতা 40.1 27.4
বাংগালুৰু 33.0 21.0