ভাৰতে স্বাস্থ্য আৰু আগশাৰীৰ কৰ্মীসকলক কোৱিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত নিতৌ নতুন মাইলৰ খুঁটাত উপনীত হৈছে। দেশত যোৱা ২৪ ঘণ্টাত ৬ লাখ ২৪ হাজাৰ গৰাকী লোকক এই প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াকে লৈ এই এই পৰ্যন্ত প্ৰতিষেধক প্ৰদান কৰা লোকৰ সংখ্যাই ১ কোটি ১৭ লাখ ৪৫ হাজাৰ অতিক্ৰম কৰিছে। ইফালে দেশত কোৱিড-১৯ৰ পৰা আৰোগ্যৰ হাৰ ৯৭.২৪ শতাংশলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, যোৱা ২৪ঘণ্টাত ১৩ হাজাৰ ২৫৫ জন লোক কোৱিড-১৯ৰ পৰা আৰোগ্য হৈ উঠে। ইয়াকে ধৰি এই পৰ্যন্ত আৰোগ্য হৈ উঠা লোকৰ সংখ্যা ১ কোটি ৭ লাখ ১২ হাজাৰ ৫৮৪ জন লোক নতুনকৈ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। দেশত বৰ্তমান মুঠ আক্ৰান্তৰ সংখ্যা ১.৩৪ শতাংশ অৰ্থাৎ প্ৰায় ১লাখ ৪৭ হাজাৰ ৫৫ জন লোক চিকিৎসাধীন হৈ আছে।
স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে যোৱা ২৪ ঘণ্টাত ৭৮ জন লোকৰ কোৱিড-১৯ত মৃত্যু হৈছে আৰু ইয়াকে ধৰি মৃত্যুৰ সংখ্যা ১ লাখ ৫৬ হাজাৰ ৪৬৩ হৈছেগৈ।