মুখ্য বাতৰি
বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান            নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু            আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ            নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক            দেশত ৰে’ল সেৱা বন্ধ অথবা কৰ্তন কৰাৰ কোনো পৰিকল্পনা নাইঃ ৰে’ল বোৰ্ডৰ অধ্যক্ষ সুনীত শৰ্মা           

Nov 30, 2020
4:25PM

ছিডনীত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতক ৫১ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ শৃংখলা দখল

@BCCI
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ কালি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৫১ ৰানত পৰাজিত কৰি শৃংখলা দখল কৰে। টছত জিকি অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে ৩৯০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ৪টা উইকেট হেৰুৱাই ৩৮৯ ৰান কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে নিৰ্ধাৰিত অভাৰত ৯টা উইকেটৰ বিনিময়ত ৩৩৮ ৰানহে কৰিবলৈ সমৰ্থ হয়।
অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভ স্মিথে ১০৪ ৰানৰ বৰঙণি আগবঢ়ায়। আনহাতে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিয়ে ৮৯ আৰু কে এল ৰাহুলে ৭৬ ৰান কৰে। উল্লেখযোগ্য যে, শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল ২ ডিচেম্বৰত কেনবেৰাত অনুষ্ঠিত হ’ব।    

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-09 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.0 18.0
মুম্বাই 34.0 24.0
চেন্নাই 34.0 25.0
কলকাতা 35.0 26.0
বাংগালুৰু 36.0 20.0