মুখ্য বাতৰি
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ত ৭৬.১৬ শতাংশ ভোটদান            বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান            নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু            আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ            নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক           

Nov 29, 2020
4:21PM

ছিডনীত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৩৯০ ৰানৰ বিজয় লক্ষ্য অষ্ট্ৰেলিয়াৰ

@BCCI
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয়খন এদিনীয়া ক্ৰিকেট খেল ছিডনীত চলি আছে। অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৪টা উইকেট হেৰুৱাই ৩৮৯ ৰান সংগ্ৰহ কৰে। উল্লেখযোগ্য যে, তিনিদিনীয়া ক্ৰিকেট শৃংখলাৰ শুকুৰবাৰে অনুষ্ঠিত প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৬৬ ৰানত পৰাজিত কৰিছিল। আকাশবাণীৰ দিল্লীৰ কেন্দ্ৰই পুৱা ৮.৩০ বজাৰ পৰা হিন্দী আৰু ইংৰাজী ভাষাত খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিছে। এই বিৱৰণী এফ ৰেইনবো, ৰাজধানী, প্ৰচাৰ ভাৰতীৰ ইউ টিউব চেনেল সহ অন্যান্য চেনেলতো শুনিবলৈ পোৱা যাব। 

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-09 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.0 18.0
মুম্বাই 34.0 24.0
চেন্নাই 34.0 25.0
কলকাতা 35.0 26.0
বাংগালুৰু 36.0 20.0