মুখ্য বাতৰি
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ত ৭৬.১৬ শতাংশ ভোটদান            বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান            নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু            আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ            নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক           

Nov 28, 2020
2:49PM

চলিত এদিনীয়াত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত

@BCCI
ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত কালি অনুষ্ঠিত চলিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৬৬ ৰানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ছটা উইকেট হেৰুৱাই ৩৭৪ ৰান কৰে। অষ্ট্ৰেলিয়াৰ হৈ আৰণ ফিনচ আৰু ষ্টিভ স্মিথে ক্ৰমে ১১৪ আৰু ১০৫ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ৩০৮ ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই ৯০ আৰু শিখৰ ধাৱনে ৭৪ ৰান কৰে।
উল্লেখযোগ্য যে, ভাৰতীয় দলটোৱে পৰৱৰ্তী দুটা মাহৰ ভিতৰত অষ্ট্ৰেলিয়াৰ সৈতে ৩খন এদিনীয়া, ৩ খন টী-টুৱেণ্টি আৰু ৪খন টেষ্ট মেচ খেলিব। দ্বিতীয়খন এদিনীয়া অহা ২৯ নৱেম্বৰত আৰু তৃতীয় তথা  অন্তিম খেলখন ২ ডিচেম্বৰত ছিডনীত অনুষ্ঠিত হ’ব। ৪ ডিচেম্বৰদৰ পৰা টী-টুৱেণ্টী আৰম্ভ হ’ব।  

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-09 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.0 18.0
মুম্বাই 34.0 24.0
চেন্নাই 34.0 25.0
কলকাতা 35.0 26.0
বাংগালুৰু 36.0 20.0