মুখ্য বাতৰি
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ত ৭৬.১৬ শতাংশ ভোটদান            বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান            নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু            আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ            নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক           

Nov 27, 2020
4:19PM

ছিডনীত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত ভাৰতক ৩৭৫ ৰানৰ বিজয় লক্ষ্য অষ্ট্ৰেলিয়াৰ

@BCCI
ছিডনীত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত অষ্ট্ৰেলিয়াই ভাৰতক ৩৭৫ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছে। ইয়াৰ পূৰ্ৱে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ছটা উইকেট হেৰুৱাই ৩৭৪ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ এ জে ফিন্সে ১১৪ আৰু স্মিথে ১০৫ ৰান কৰে। ভাৰতৰ হৈ মহম্মদ ছামীয়ে তিনিটাকৈ উইকেট দখল কৰে।
উল্লেখযোগ্য যে, ভাৰতীয় দলটোৱে পৰৱৰ্তী দুটা মাহৰ ভিতৰত অষ্ট্ৰেলিয়াৰ সৈতে ৩খন এদিনীয়া, ৩খন টী-টুৱেণ্টি আৰু ৪খন টেষ্ট মেচ খেলিব। দ্বিতীয়খন এদিনীয়া ২৯ নৱেম্বৰত আৰু তৃতীয় তথা অন্তিম খেলখন ২ ডিচেম্বৰত ছিডনীত অনুষ্ঠিত হ’ব। ৪ ডিচেম্বৰৰ পৰা টী-টুৱেণ্টি আৰম্ভ হ’ব।   

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-09 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.0 18.0
মুম্বাই 34.0 24.0
চেন্নাই 34.0 25.0
কলকাতা 35.0 26.0
বাংগালুৰু 36.0 20.0