মুখ্য বাতৰি
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ত ৭৬.১৬ শতাংশ ভোটদান            বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান            নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু            আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ            নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক           

May 26, 2020
6:36PM

অসমত ক’ৱিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫১৪ লৈ বৃদ্ধি

@himantabiswa
     অসমত পুনৰ ৪৮ গৰাকী লোক ক’ৱিড-19ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।  ইয়াৰ ১৬ গৰাকী কৰিমগঞ্জৰ, ৮ গৰাকী লখিমপুৰৰ, ৮ গৰাকী গুৱাহাটীস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰৰ, ৫ গৰাকী কাছাৰৰ, ৪ গৰাকী হাইলাকান্দিৰ, ৩ গৰাকী দক্ষিণ শালমাৰাৰ, ২ গৰাকী নলবাৰী, এগৰাকী মৰিগাঁৱৰ আৰু এগৰাকী গোৱালপাৰাৰ। অসমত ইয়াকে লৈ বৰ্তমান ক’ৱিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫১৪ লৈ বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত বৰ্তমান ৪৪৫ জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত এতিয়ালৈকে ৬২ জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে এই ৰোগত মৃত্যু ঘটিছে ৪ জন লোকৰ।
     স্বাস্থ্যমন্ত্ৰীয়ে কালি দিনত এখন সংবাদমেলত প্ৰকাশ কৰে যে, যোৱা কিছুদিনত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ অধিক হৈছে। ইয়াৰ বাবেই সুস্থ হোৱা লোকৰ সৰ্বভাৰতীয় হাৰ ৪১ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ ১৬ শতাংশলৈ অৱনমিত হৈছে বুলি ড০ শৰ্মাই উল্লেখ কৰে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে, কালিলৈকে ক’ৱিড-19ৰ সন্দেহত ৫৯ হাজাৰ ৫৫৩ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু দৈনিক কমেও ২,৫০০ লোকৰ নমুনা পৰীক্ষা কৰি থকা হৈছে। অনাগত সময়ত প্ৰতিদিনে ৫ হাজাৰ পৰ্যন্ত লোকৰ নমুনা পৰীক্ষা কৰাৰ লক্ষ্য লোৱা হৈছে। দেশৰ উন্নত স্বাস্থ্য সেৱা সম্পন্ন ৰাজ্য কেৰালাতকৈ অসমত অধিক নমুনা পৰীক্ষা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহতো ক্ৰমাৎ ক’ৱিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-09 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.0 18.0
মুম্বাই 34.0 24.0
চেন্নাই 34.0 25.0
কলকাতা 35.0 26.0
বাংগালুৰু 36.0 20.0