ৰাজ্যসভাৰ অসমৰ তিনিখন আসনত ভাৰতীয় জনতা পাৰ্টীৰ ভুৱনেশ্বৰকলিতা, কংগ্ৰেছ- এ আই ইউ ডি এফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী অজিত কুমাৰ ভূঞা আৰু বিপি এফৰ বিশ্বজিৎ দৈমাৰী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিতহৈছে। আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত তিনিওগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰবৈধ পোৱা গৈছে। অৱশ্যে নিৰ্বাচন আয়োগে এতিয়াও তিনিওগৰাকী প্ৰাৰ্থীক নিৰ্বাচিত বুলিআনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকী আছে। উল্লেখযোগ্য যে অহা ২৬ মাৰ্চত এই আসনতিনিখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল।