মুখ্য বাতৰি
খাদ্য সুৰক্ষা আইনৰ অতিৰিক্ত খাদ্য শস্য আবণ্টনৰ প্ৰস্তাৱ            কোৱিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰ বি আইৰ ৫০ হাজাৰ কোটি টকাৰ প্ৰস্তাৱ            তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে মমতা বেনাৰ্জীৰ শপত গ্ৰহণ            ৭ মে’ৰ পৰা ৰাজ্যত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক কোৱিড প্ৰতিষেধক প্ৰদান            ৰাজ্যত কোৱিড-19 আৰোগ্যৰ হাৰ ৮৮.৪৯ শতাংশ           

Mar 16, 2020
9:10PM

অসমত ক’ৰ’ণা ভাইৰাছ সংক্ৰমনৰ সন্দেহত ৩৬ টা নমুনা পৰীক্ষা

AIR

অসমত এতিয়ালৈকে কোনো লোক কোবিড -19 ৰ দ্বাৰাসংক্ৰমিত হোৱা নাই যদিও হোৱা নাই যদিও ৰাজ্য চৰকাৰে এই ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবেসকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীত আজি এখন সংবাদ মেলতস্বাস্থ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, অসমতকেনেবাকৈ এই ভাইৰাছৰ সংক্ৰমণ ঘটিবলৈ হ’লে ইয়াক প্ৰতিৰোধ কৰাটো সহজ নহ’ব, কিয়নো অসমতবহু ভিতৰুৱা অঞ্চল আছে। শ্ৰীশৰ্মাই কয় যে, সকলো পৰ্যায়তে নিৰীক্ষণৰ কাৰ্যকলাপসমূহবৃদ্ধি কৰা হৈছে। বিদেশী লোকৰ লগতে স্থানীয় লোকসকলকো কাইলৈৰ পৰা  ৰাজ্যখনৰ আটাইবোৰ বিমান বন্দৰত পৰীক্ষা কৰা হ’ব।আনহাতে, ৰাজধানী এক্সপ্ৰেছৰ যাত্ৰীসকলৰ ওপৰত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে বুলি তেওঁজানিবলৈ দিয়ে। আনহাতে সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্য়ালয়ত হেণ্ড চেনিটাইজাৰ আৰুচাবোন ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী শৰ্মাই লগতে কয় যেশিক্ষক-শিক্ষয়িত্ৰীসকলক নিজৰ শিক্ষানুষ্ঠানৰ কাষৰীয়া অঞ্চলসমূহত সজাগতা সৃষ্টিকৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এতিয়ালৈকে ৰাজ্যখনত ৩৬টানমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৩৪ টা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ মুক্ত বুলি নিশ্চিতহৈছে। ২ টা নমুনাৰ ফলাফল আহিবলৈ বাকী আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যেবৰ্তমান ৰাজ্যত কোবিড-19 ৰ সংক্ৰমণ পৰীক্ষাৰ বাবে তিনিটা পৰীক্ষগাৰ আছে আৰু অতিসোনকালে আৰু পৰীক্ষাগাৰ স্থাপন কৰা হ’ব।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-05 May 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 40 24
মুম্বাই 35 26
চেন্নাই 36 27
কলকাতা 32 23
বাংগালুৰু 32 24