ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে আজিকৈছে যে ৰিজাৰ্ভ বেংকে ভাৰত চৰকাৰৰ সহযোগত য়েছ বেংকৰ পুনৰ গঠনৰ কাম-কাজ দ্ৰুত কৰিতুলিছে। মুম্বাইত থকা আৰ বি আইৰ মুখ্য কাৰ্যালয়ত আজি এখন জৰুৰীকালীন সংবাদমেলআহ্বান কৰি শ্ৰী দাসে য়েছ বেংকৰ পুনৰ গঠনৰ ক্ষেত্ৰত থকা পৰিকল্পনা আৰু ক’ৰ’ণাভাইৰাছৰ ফলত ভাৰতীয় অৰ্থ ব্যৱস্থাৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়টো উত্থাপন কৰে।সংবাদমেলক সম্বোধি গৱৰ্ণৰ শ্ৰী দাসে দোহাৰে যে য়েছ বেংকত থকা জমাকাৰীসকলৰ ধনসম্পূৰ্ণৰূপে সুৰক্ষিত। পুনৰ গঠন যোজনাৰ বিষয়ে সবিশেষ দাঙি ধৰি গৱৰ্ণৰে কয় যে য়েছবেংকত ধন জমা ৰখাক লৈ অনাৱশ্যক চিন্তা কৰাৰ বা ততাতৈয়াকৈ টকা উলিওৱাৰ কোনো প্ৰয়োজন নাই। গৱৰ্ণৰগৰাকীয়ে উল্লেখকৰে যে নতুন আঁচনি অনুসৰি য়েছ বেংকৰ একাউণ্টৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত থকাপ্ৰতিবন্ধকতা বুধবাৰে উঠাই লোৱা হ’ব আৰু অহা ২৬ মাৰ্চত বেংকৰ নতুত ব’ৰ্ডে কাৰ্যঙাৰগ্ৰহণ কৰিব