মুখ্য বাতৰি
ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ কিছু উন্নতি            মৎস্য খণ্ডৰ জৰিয়তে আত্মনিৰ্ভৰশীল অসম নিৰ্মাণৰ ওপৰত মুখ্যমন্ত্ৰীৰ গুৰুত্ব আৰোপ            বহিঃৰাজ্যৰ পৰা অহা যুৱক-যুৱতীক দক্ষতাভিত্তিক কৃষি আৰু সংশ্লিষ্ট খণ্ডত সংস্থাপন দিয়াৰ ব্যৱস্থা            ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং – য়িয়েৰ মাজত আলোচনা            বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বতাহৰ মাধ্যমেৰে ক’ৰ’ণা ভাইৰাছ নিবিয়পে           

Mar 16, 2020
8:54PM

ৰাজ্যসভাত গৃহীত কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ বিধেয়ক ২০১৯

দেশৰ তিনিখন সংস্কৃত বিশ্ববিদ্যালয়ক কেন্দ্ৰীয়বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়াৰ উদ্দেশ্য ৰাজ্যসভাই আজি কেন্দ্ৰীয় সংস্কৃতবিশ্ববিদ্যালয় বিধেয়ক, ২০১৯ গৃহীত কৰে। মৌখিক ভোটত বিধেয়কখন গৃহীত কৰা হয়। আলোচনাৰউত্তৰ দি মানৱ সম্পদ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কয় যে অনন্য স্বকীয়তা থকাসংস্কৃত সাহিত্য দেশৰ বৃহ সম্পদ। তেওঁ  কয় যে সমগ্ৰ বিশ্ব কেইবাখনো দেশে সংস্কৃত ভাষাসন্দৰ্ভত গৱেষণা কৰি আছে আৰু কেইবাখনো বিশ্ববিদ্যালয়ত সংস্কৃত ভাষাৰ শিক্ষা প্ৰদানকৰি থকা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সমগ্ৰ বিশ্বকে জ্ঞান দি আহিছে। আলোচনাতভাগ লৈ কংগ্ৰেছৰ জয়ৰাম ৰমেশে কয় যে, সমগ্ৰ দেশৰ মাত্ৰ ১৫ হাজাৰ লোকহে সংস্কৃত ভাষাকয়। শ্ৰী ৰমেশে এই বিশ্ববিদ্যালয় সমূহক পাণিনি, অমৰ সিমহা আদিৰ দৰে সংস্কৃত পণ্ডিতসকলৰনামত নামকৰণ কৰিব লাগে বুলি দাবী জনায়। তৃণমূল কংগ্ৰেছৰ সুখেন্দু শেখৰ ৰায়ে কয় যে,সংস্কৃত ভাষা বহু ভাষাৰ মূল। তেওঁ কয় যে অতি কম সংখ্যক লোকে সংস্কৃত ভাষা ব্যৱহাৰকৰাৰ পৰিপ্ৰেক্ষিতত ভাষাটো ক্ৰমা বিলুপ্তপ্ৰায় হৈছে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-07 Jul 2020
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.2 26.4
মুম্বাই 29.0 25.0
চেন্নাই 34.0 28.0
কলকাতা 32.0 26.0
বাংগালুৰু 27.0 21.0