প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কোবিড -19 যাতেসম্প্ৰসাৰিত নহয় সেইটো সুনিশ্চিত কৰাৰ বাবে কৰ্তৃপক্ষসমূহে বিভিন্ন পৰ্যায়ত দ্ৰুতগতিত কাম-কাজ অব্যাহত ৰাখিছে। এলানি টুইটযোগে শ্ৰী মোদীয়ে নিশ্চিত প্ৰদান কৰি কয়যে জনসাধাৰণ স্বাস্থ্য যে অটুত আছে সেইটো সুনিশ্চিত কৰাৰ বাবে চেষ্টাৰ ক্ৰটি কৰাহোৱা নাই। তেওঁ কয় যে চিকিৎসক, নাৰ্চ , পৌৰকৰ্মী আৰুস্বাস্থ্যকৰ্মীসকলে কোবিড -19 ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে যথেষ্ট প্ৰয়াস কৰিছে আৰুতেওঁলোকৰ অৱদান সদায়ে প্ৰংশসনীয় হৈ থাকিব। প্ৰধানন্ত্ৰীয়ে প্ৰত্যেকে যাতেস্বাস্থ্যবান হৈ থাকে সেইটো যাতে সুনিশ্চিত কৰাৰ লগতে আৰু যিসকলৰ দেহত এই ৰোগৰলক্ষণ দেখা গৈছে তেওঁলোকে যাতে উপযুক্ত চিকিৎসা লাভ কৰেসেইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এয়া প্ৰত্যেকৰেসমূহীয়া সঁহাৰি আৰু ইয়ে এনেধৰণৰ পৰিস্থিতিত দেশৰ শক্তিশালী আদৰ্শকে প্ৰতিফলিতকৰিছে। তেওঁ লগতে কয় যে অনাৱশ্যকীয় ভ্ৰমণ আওকাণ কৰা আৰু জনসমাৱেশৰ পৰা আঁতৰি থকাটোআদৰণীয় পদক্ষেপ।