মুখ্য বাতৰি
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ত ৭৬.১৬ শতাংশ ভোটদান            বৰ্তমানলৈ সমগ্ৰ দেশত ৯ কোটি ৮০ লাখৰো অধিক পালি কোৱিড প্ৰতিষেধক প্ৰদান            নাগপুৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; মহিলাসহ ৪ জনৰ মৃত্যু            আজি পশ্চিমবংগ বিধানসভাৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ            নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠক           

Mar 14, 2020
8:49PM

অসমত ক’ৰ’ণা ভাইৰাছ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ দৃঢ় পদক্ষেপ

অসমত ক’ৰ’ণা ভাইৰাছৰ সম্ভাব্য সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্যচৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰতিখন জিলাত উপায়ুক্তসকলককোনো কাৰণতে জনসমাগম সৃষ্টি হ’বলগীয়া অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ আৰু ইতিপূৰ্বেঘোষিত এনে অনুষ্ঠান বাতিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অসম চৰকাৰৰ মুখ্য সচিব কুমাৰসঞ্জয় কৃষ্ণই আজি আকাশবাণীৰ আগত এই বিষয়ে প্ৰকাশ কেৰ। মুখ্য সচিবগৰাকীয়ে জনসাধাৰণকচিকিসা বিশেষজ্ঞ আৰু বিশ্ব স্বাস্থ্যসংস্থাই এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহমানি চলিবলৈ আহ্বান জনায়। আনহাতে, পৌৰ নিগম, গাওঁ পঞ্চায়তৰ দৰে স্থানীয়নিকায়সমূহকো পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে বুলি তেওঁ জানিবলৈদিয়ে। ইয়াৰ লগতে সমগ্ৰ ৰাজ্যজুৰি সজাগতা সৃষ্টি কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যসচিবগৰাকীয়ে প্ৰকাশ কৰে।

         আনহাতেৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়সমূহ এইপৰিস্থিতিত বন্ধ ৰখা হ’বনে নহব সেই সন্দৰ্ভতদুই এদিনতে সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।


লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-09 Apr 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.0 18.0
মুম্বাই 34.0 24.0
চেন্নাই 34.0 25.0
কলকাতা 35.0 26.0
বাংগালুৰু 36.0 20.0