মুখ্য বাতৰি
দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা            ছ’চিয়েল মিডিয়া আৰু অ’ টি টি প্লেটফৰ্মৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা            দেশত কোৱিড-19 আৰোগ্য হাৰ ৯৭.১৭ শতাংশ            খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱ আৰম্ভ            কাইলৈ দিনৰ ১১ বজাত ভাৰত পুতলা মেলা মুকলি           

Feb 04, 2020
5:40PM

ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে বিশ্বজনীন অভিযানৰ আহ্বান বিশ্ব বেংকৰ

@WBG_Health

বিশ্ববেংকে, নতুনকৈ দেখা দিয়া ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বিশ্বজনীন অভিযান আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছে বিশ্ব বেংকে কৈছে যে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত দেশসমূহক শীঘ্ৰেই প্ৰয়েজনীয় সহাৰ্য প্ৰদানৰ উদ্দেশ্যে সংস্থাটোৱে বিত্তিয় প্ৰযুক্তিগত দিশ সমূহ পৰ্যালোচনা কৰিছেএই ক্ষেত্ৰত বিশ্বজনীন সঁহাৰি লাভৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতেও সংস্থাটোৱে যোগাযোগ অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে এই পৰিস্থিতৰ ফলত দেখা দিব পৰা অথৰ্নৈতিক আৰু সামাজিক প্ৰভাৱৰ সন্দৰ্ভতো সংস্থাটোৱে চোৱাচিতা কৰি আছে বুলি লগেত প্ৰকাশ কৰিছে

নতুন দিল্লীত কালি মন্ত্ৰী গোটৰ এটা দলে দেশত ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ ব্যৱস্থাৰ লগতে স্বাস্থ্য,জাহাজ, অসামৰিক বিমান পৰিবহন, বৈদেশিক পৰিক্ৰমা আৰু গৃহ বিভাগে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰেকেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষবৰ্ধনে এই পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰেপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত গঠিত এই গোটটোত স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষবৰ্ধন, অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ পুৰী, বিদেশ মন্ত্ৰী এছ. জয়শংকৰ, গৃহ ৰাজ্যমন্ত্ৰী অশ্বিনী কুমাৰ ছৌবে আৰু জাহাজ মন্ত্ৰী মনছুখ লাল মান্দাভিয়া আছেকালিৰ এই বৈঠকত NCOV-2019 শীৰ্ষক ণা ভাইৰাছৰ শেহতীয়া স্থিতিৰ এক উপস্থাপনো দাঙি ধৰা হয়বৈঠকত কেৰেলাত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোক তিনিজনৰ বিষয়েও অৱগত কৰোৱা হয়

উল্লিখিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চীনৰ পাৰপত্ৰ থকা লোকসকলৰ বাবে -ভিছাৰ সুবিধা সাময়িকভাবে প্ৰত্যাহাৰ কৰা হৈছে আৰু চীনৰ পৰা ভিছা বিছাৰি আবেদন দাখিল কৰা প্ৰক্ৰিয়াও সাময়িকভাবে বন্ধ ৰখা হৈছেতদুপৰি যিসকল চীনৰ নাগৰিকক ইতিমধ্যে -ভিছা প্ৰদান কৰা হৈছিল, সেইসকলৰ ভিছাও সাময়িকভাবে প্ৰত্যাহাৰ কৰা হৈছেবিশেষ কাৰণত ভাৰত ভ্ৰমণলৈ আহিবলগীয়া লোকসকলক বেইজিঙৰ ভাৰতীয় দূতাবাস অথবা চাংহাই আৰু গুৱানঝৌত থকা বাণিজ্যিত দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছেউল্লেখযোগ্য যে, ৫৯৩ খন বিমানৰ ৭২ হাজাৰ ৩৫৩ গৰাকী যাত্ৰীক পৰীক্ষা কৰা হৈছেইয়াৰ লগতে ২১ টা বিমান বন্দৰ, আন্তঃৰাষ্ট্ৰীয় জাহাজ বন্দৰ আৰু বিশেষকৈ নেপালৰ সৈতে সীমান্ত পাৰ কৰা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছেহংকং আৰু চীনৰ উপৰি ছিংগাপুৰ আৰু থাইলেণ্ডৰ সকলোবোৰ বিমানৰ যাত্ৰীৰ সাৰ্বজনীন পৰীক্ষা কৰোৱা হৈছেউল্লেখযোগ্য যে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা মুঠ ৩৩৮টা নমুনাৰ ভিতৰত ৩৩৫টাৰ ক্ষেত্ৰত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই

অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।   ইয়াৰ বাবে ইতিমধ্যে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ৰাজ্যখনৰ বিমানবন্দৰ আৰু জাহাজঘাটসমূহৰ বিষয়াসকলক সতৰ্ক কৰি দিয়াৰ লগতে সকলে চৰকাৰী চিকিৎসালয়, বিমানবন্দৰ আৰু জাহাজঘাটত বিশেষ ৱাৰ্ড স্থাপনৰ ব্যৱস্থা কৰা হৈছেবিষয়াসকলে বিজয়ৱাড়া আৰু বিশাখাপট্টনম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ নিৰীক্ষণ অব্যাহত ৰাখিছেৰাজ্যখনৰ বন্দৰসমূহতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4