ভাৰত-চীন সীমান্তত থকা সীমান্ত হাটসমূহেৰে ভয়াবহ কোৰোনা ভাইৰাছৰ প্ৰাদূৰ্ভাৱঘটাৰ আশংকাত অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ কেতবোৰ ঠাইত আগতীয়া প্ৰতিৰোধমূলকব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। বিশেষকৈ চাংলাং জিলাৰ পাংচাও গিৰিপথসীমান্ত হাতেৰে এই ৰোগৰ সংক্ৰমণৰ আশংকাত জিলা প্ৰশাসনক সতৰ্কতামূলক ব্যৱস্থাগ্ৰহণ কৰিবলৈ কোৱা হৈছে। দক্ষিণ-চীন আৰু ম্যানমাৰৰ সমীপৱৰ্তী হোৱাৰ বাবে চাংলাংজিলাত সতৰ্কতা জাৰি কৰা হৈছে। সীমান্ত হাটত বিক্ৰী হোৱা চীনা সামগ্ৰীৰ পৰা এইৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ আশংকা কৰা হৈছে। ইতিমধ্যে, মেঘালয়তো কোৰোনা ভাইৰাছৰপ্ৰাদুৰ্ভাৱৰ আশংকাত উচ্চ সতৰ্কতা জাৰী কৰি হৈছে। মণিপুৰৰ অসম সীমান্তৱৰ্তীজিৰিবামকে ধৰি কেতবোৰ ঠাইত ইতিমধ্যে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইফালে,স্বাস্থ্য মন্ত্ৰালয়ে মাৰাত্মক কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখিচীন ভ্ৰমণ নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। চীনৰ পৰা অহা যাত্ৰীসকলকো নিজৰস্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। মন্ত্ৰ্যালয়ে ইতিমধ্যেবিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই ৰোগৰ প্ৰতিৰোধমূলক ব্যৱস্থাসন্দৰ্ভত পৰ্যালোচনা চলাইেছ। আয়ুষ মন্ত্ৰ্যালয়ৰ অধীনৰ গৱেষণা পৰিষদসমূহে ভাৰতৰপৰম্পৰাগত চিকিৎসা পদ্ধতিআযুৰ্বেদ, হোমিঅপেথী আৰু ইউনানিৰ দ্বাৰা কেতবোৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ পৰামৰ্শআগবঢ়াইছে।সেই অনুসৰি পৰিস্কাৰ পৰিচন্নতা, ২০ ছেকেণ্ডৰ সময় চাবোনেৰে হাত ধোৱা,নোধোৱা হাতেৰে চকু, নাক আৰু মুখত স্পৰ্শ কৰা, সংক্ৰমিত লোকৰ সংস্পৰ্শৰ পৰা আতৰিথকা কাহ অথবা হাঁচি আহিলে কাপোৰ ব্যৱহাৰ কৰা ইত্যাদি অন্যতম।