মুখ্য বাতৰি
দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা            ছ’চিয়েল মিডিয়া আৰু অ’ টি টি প্লেটফৰ্মৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা            দেশত কোৱিড-19 আৰোগ্য হাৰ ৯৭.১৭ শতাংশ            খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱ আৰম্ভ            কাইলৈ দিনৰ ১১ বজাত ভাৰত পুতলা মেলা মুকলি           

Jan 29, 2020
5:58PM

কোৰ’ণা ভাইৰাছ - বিশেষ জৰুৰী নহ’লে চীনলৈ নাযাবলৈ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ আহ্বান

PTI

স্বাস্থ্যমন্ত্ৰ্যালয়ে কোৰণা ভাইৰাছৰ প্ৰাৰ্দূভাৱৰ প্ৰতিলক্ষ ৰাখি বিশেষ জৰুৰী নহলে চীনলৈ নাযাবলৈ জনসাধাৰণক আহ্বান জনাই এলানি ভ্ৰমণ পৰামৰ্শাৱলী জাৰি কৰিছে। এইপৰামৰ্শাৱলীত লগতে চীন ভ্ৰমণৰ পৰা অহা যাত্ৰীসকলক নিজৰ স্বাস্থ্যৰ ওপৰত চোকাদৃষ্টি ৰাখিবলৈ কোৱা হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে আজি কোৰোণা ভাইৰাছৰ প্ৰদূৰ্ভাৱ ৰোধ কৰাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ অৰ্থে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে এখন বৈঠক মিলিত হয়। স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিশেষসচিব সঞ্জীৱ কুমাৰে এই বৈঠকত অধ্যক্ষতা কৰে।

ইপিনে আয়ুষ মন্ত্ৰ্যালয়ে কৈছে যে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ইউনানী ঔষধ উপকাৰী। আয়ুষ মন্ত্ৰ্যালয়ে ব্যক্তিগতভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ লগতে সঘনাই চাবোনেৰে হাত ধুবলৈ আৰু পৰ্যাপ্তপৰিমাণে পানী খাবলৈ জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰ্যালয়ে লগতে হাত নোধোৱাকৈ চকু, নাক আৰু  মুখ স্পৰ্শ নকৰিবলৈও কৈছে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4