মুখ্য বাতৰি
দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা            ছ’চিয়েল মিডিয়া আৰু অ’ টি টি প্লেটফৰ্মৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা            দেশত কোৱিড-19 আৰোগ্য হাৰ ৯৭.১৭ শতাংশ            খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়া মহোৎসৱ আৰম্ভ            কাইলৈ দিনৰ ১১ বজাত ভাৰত পুতলা মেলা মুকলি           

Jan 27, 2020
3:41PM

চীনৰ কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পাইছে আৰু ভাইৰাছত ২,৭৫০ জনতকৈ অধিক লোক আক্ৰান্ত হৈছে।

twitter handle

চীনৰ কোৰোনা ভাইৰাছৰফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পাইছে আৰু ভাইৰাছত ২,৭৫০ জনতকৈ অধিকলোক আক্ৰান্ত হৈছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে কৈছে যে এই ভাইৰাছৰ সংক্ৰমণহোৱাটো অধিক প্ৰবল হৈছে কিয়নো নতুন ভাইৰাছটোৰ বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই।দেশখনে ইয়াক নিয়ন্ত্ৰণৰ বাবে সৰ্বতো প্ৰকাৰে চেষ্টা চলাইছে। বিশ্ব স্বাস্থ্যসংস্থাৰ মুৰব্বী ডটিড্ৰ আধানম ঘিব্ৰেয়েছুছে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বেইজিঙত উপস্থিত হব। তেওঁ লগতে এই ভাইৰাছ নিয়ন্ত্ৰণকৰিবলৈ চীন চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰো বুজ লব। এটা টুইটত তেওঁ কয় যে এই ভাইৰাছৰ সন্দৰ্ভত বিশেষজ্ঞসকলৰ মতামত লোৱাৰব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিভিন্ন দেশত ইয়াৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰাহৈছে। ইফালে, এই ভাইৰাছক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াসৰ অংশ হিচাপে সাপ্তাহিক বসন্ত উৎসৱৰ ছুটিঅহা ২ ফেব্ৰুৱাৰীলৈকে বঢ়াই দিয়া হৈছে। প্ৰচাৰ ভাৰতীৰ বিশেষ সংবাদদাতাই বেইজিঙৰপৰা জনাইছে যে ভালেসংখ্যক দেশে তেওঁলোকৰ নাগৰিকক স্থানান্তৰিত কৰাৰ বাবে চীনচৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে আৰু ভাৰতেও চীন চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন কৰি আছে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে জনাইছে যে কোনো ভাৰতীয় লোক এই ভাইৰাছত এতিয়ালৈকেআক্ৰান্ত হোৱা নাই।   


লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-26 Feb 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 33.2 15.2
মুম্বাই 36.0 21.2
চেন্নাই 32.2 20.4
কলকাতা 36.3 21.6
বাংগালুৰু 33.0 17.4