চীনৰ কোৰোনা বীজাণুৰফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পোৱাত দেশখনে ইয়াক নিয়ন্ত্ৰৰ বাবেসৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছে। এই ভাইৰাছৰ প্ৰাৰ্দুভাৱৰ বাব বৰ্তমান সমগ্ৰ বিশ্বৰ২ হাজাৰতকৈও অধিক লোক আক্ৰান্ত হৈছে। ইয়াৰে ৩২৪ গৰাকী লোকৰ অৱস্থা সংকটজনক বুলিজানিব পৰা গৈছে। এই ভাইৰাছৰ দ্বাৰা বিয়পা নিউমনীয়া জ্বৰ নিয়ন্ত্ৰৰ বাবে চীন ১দশমিক ৬-১ বিলিয়ন আমেৰিকান ডলাৰৰ বিশেষ পুঁজি ধাৰ্য কৰিছে।চীনৰ প্ৰিমিয়াৰ লি কেকিয়াঙে কৈছে যে এই ভাইৰাছৰ বাবে সাপ্তাহিক বসন্ত উতসৱ অহা ৩১জানুৱাৰীৰ পাছলৈ পিছুৱাই দিযা হৈছে। যুহান প্ৰদেশত থকা ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিতকৰিবলৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কত চীনৰ কৰ্তৃপক্ষৰ সৈতে বেইজিঙত থকাভাৰতীয় দূতাবাসে সঘন যোগাযোগ অব্যাহত ৰাখিছে। বৰ্তমানলৈকে এই ৰোগত কোনোভাৰতীয় লোক আক্ৰান্ত হোৱা নাই আৰু তেওঁলোকৰ বাবে পৰ্যাপ্ত পৰিমাণে খাদ্য আৰুপানী যোগানৰ ব্যৱস্থা কৰা হৈছে।