ভাৰতবৰ্ষত কৰোনা ভাইৰাছৰ নিয়ন্ত্ৰনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ অৰ্থে ৭ টাকেন্দ্ৰীয় দলে দেশৰ বিভিন্ন প্ৰান্তত বছা বছা বিমান বন্দৰ পৰিদৰ্শন কৰিব। ইয়াৰেভিতৰত নতুন দিল্লী, কোলকাতা, মুম্বাই, চেন্নাই, বাঙ্গালুৰু, হায়দৰাবাদ আৰু কোচ্চিঅন্যতম। এই দলকেইটাত এগৰাকীকৈ জনস্বাস্থ্য বিশেষজ্ঞ, চিকিৎসা বিশেজ্ঞ আৰু বিষাণুবিশেষজ্ঞ থাকিব। নতুন দিল্লীত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত স্বাস্থ্যমন্ত্ৰী ডাঃহৰ্ষবৰ্ধনে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই দলকেইটাই ৰাজ্যসমূহৰ স্বাস্থ্য সচিবসকলৰসৈতে বীজাণুবিধৰ নিয়ন্ত্ৰণৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা চলাব। ডাঃ হৰ্ষবৰ্ধনে কয় যেভাৰতবৰ্ষত এতিয়ালৈকে কোনো লোকৰ শৰীৰত বীজাণুবিধৰ উপস্থিতি ধৰা পৰা নাই। অৱশ্যে ১১গৰাকী লোকক পৰ্যবেক্ষণত ৰখা হৈছে বুলিও তেওঁ উল্লেখ কৰে। এই বীজাণুবিধৰপ্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে ইতিমধ্যে এটা নিয়ন্ত্ৰণকক্ষ স্থাপন কৰা হৈছে। অহনিৰ্শেখোলা এই নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ হল- ০১১-২৩৯৭৮০৪৬।